Purbottar
Online/Digital
Purbottar is a news website provide news in Asomiya for the people of Assam and North East Indian States. Source
Actions
Media Outlet details
| Scope | Local |
|---|---|
| Language | Assamese, Hindi |
| Country | India |
|
Similarweb UVM |
Request pricing |
|
Comscore UVM |
Request pricing |
Recent Articles
Search Articlesইউচিচিৰ নামত এটা সম্প্ৰদায়ক লক্ষ্য – মধ্যপ্ৰদেশ চৰকাৰক কংগ্ৰেছৰ তীব্ৰ সমালোচনা
এক দেশ, এক সংবিধানৰ দৰেই একে নাগৰিক আইন বলৱৎ কৰাৰ দিশত নতুন পদক্ষেপৰ ইংগিত দিলে মধ্যপ্ৰদেশ চৰকাৰে। অহা বৰ্ষাকালীন অধিৱেশনতে একক নাগৰিক বিধি (ইউচিচি) বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী মোহন যাদৱে। কাটনি জিলাত এখন সন্দীপনী বিদ্যালয় উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এখন দেশত যেতিয়া এক সংবিধান, এক পতাকা আৰু এক নেতৃত্ব থাকিব পাৰে, তেতিয়া হিন্দু-মুছলমানৰ বাবে পৃথক পৃথক আইন কিয় থাকিব?
ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম মুকলিৰে নতুন শক্তি ৰণনীতি শক্তিশালী কৰিলে জেএছডব্লিউ এমজি মটৰে
জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ দীৰ্ঘম্যাদী বৈদ্যুতিক পৰিবহণ ৰণনীতিক অধিক শক্তিশালী কৰি এমজি এডাপ্ট মুকলি কৰিছে। এই এডাপ্ট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি নিউ এনাৰ্জী ভেহিকল (এনইভি) প্লেটফৰ্ম, যাক এক বুদ্ধিদীপ্ত আৰ্হিৰ সহায়ত ইলেকট্ৰিক বাহন (ইভি), হাইব্ৰিড ইলেকট্ৰিক বাহন (এইছইভই), প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক বাহন (পিএইছইভি) আৰু ৰেঞ্জ এক্সটেণ্ডাৰ ইলেকট্ৰিক বাহন (আৰইইভি) চলোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি কোম্পানীটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত এই প্লেটফৰ্মৰ আধাৰত নিৰ্মিত এখন ইভি আৰু এখন...
‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ
বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান জনালে বলীউডৰ অভিনেতা আমিৰ খানে। একে সময়তে বহু বছৰ ধৰি চলি অহা এটা জনপ্ৰিয় ধাৰণাও খাৰিজ কৰি অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ‘থ্ৰী ইডিয়টছ’ ছবিৰ ফুনছুখ ৱাংগ্ৰু বা ৰেঞ্চ’ চৰিত্ৰটো সোণম ৱাংচুকৰ জীৱনৰ আধাৰত সৃষ্টি কৰা হোৱা নাছিল। লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত আয়োজিত এক অনুষ্ঠানত এই...
মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি
ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই শিশুটিৰ বিৰুদ্ধেই এইবাৰৰ বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ফুটবলৰ মহাতাৰকা লিয়নেল মেছি। ১৯ বছৰ পূৰ্বে এক চেৰিটী ইভেণ্টত মেছিয়া গা ধুৱাই দিয়া সেই শিশুটিয়েই হৈছে স্পেইনৰ তাৰকা ফুটবলাৰ লামিন য়ামাল। ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত এইবাৰ সেই য়ামালৰ বিৰুদ্ধেই খেলপথাৰত নামিব বিশ্ব...
ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত
ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত। শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়াও পাকিস্তানৰ লাহোৰৰ কট লাখপত কাৰাগাৰত আবদ্ধ হৈ আছে উত্তৰ প্ৰদেশৰ আলীগড়ৰ বাদল বাবু। তেওঁৰ মুক্তি নিশ্চিত কৰি ভাৰতলৈ ঘূৰাই অনাৰ দাবীত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছে পৰিয়াল। জানিব পৰা মতে, দিল্লীত দৰ্জি হিচাপে কাম কৰা বাদল বাবুৰ সৈতে ফেচবুকযোগে চিনাকি হৈছিল পাকিস্তানৰ...
কলকাতা মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মুনীন্দ্ৰ শইকীয়াক মালিগাঁৱত বিপুল সম্বৰ্ধনা
অসমৰ বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অভিযন্তা , ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেলৱেমেনছ ( এন এফ আই আৰ) ৰ ৰাষ্ট্ৰীয় উপ সভাপতি আৰু এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া কলকাতাস্থিত মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হৈছে। ৮ জুলাইত কলকাতাৰ মেট্ৰো ৰেলৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত মুনীন্দ্ৰ শইকীয়া নিৰ্বাচিত হৈছিল আৰু এই পদ লাভ কৰা তেৱেঁই হৈছে...
ইছৰ’ৰ পৰা ১২০ ৰো অধিক বিজ্ঞানী-গৱেষকৰ পদত্যাগ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ বৰ্তমান এক গুৰুতৰ সমস্যাৰ মুখামুখি হৈছে। অলপতে দেশৰ এই সন্মানীয় মহাকাশ সংস্থাটোৰ ১২০ জনতকৈও অধিক বিজ্ঞানী আৰু গৱেষকে চাকৰি এৰি দিছে। ইয়াৰ ফলত ইছৰ’ত মেধাৱী লোকৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে। জানিব পৰা মতে, চাকৰি এৰি যোৱা এই বিজ্ঞানীসকলৰ ভিতৰত ভাৰতৰ অতি গুৰুত্বপূৰ্ণ মহাকাশ অভিযান— যেনে ‘চন্দ্ৰযান-৩’ আৰু ‘স্পাডেক্স’ ( মহাকাশত মহাকাশযান সংযোগ কৰা প্ৰযুক্তি) ক্ৰাফ্টৰ কামত নিয়োজিত হৈ থকা বিজ্ঞানীসকলও অন্তৰ্ভুক্ত আছে। প্ৰাথমিক তথ্য অনুসৰি, এই বিজ্ঞানীসকলে...
আন্তঃৰাজ্যিক দুষ্কৃতিকাৰীৰ দ্বাৰা বেহালী বন ধ্বংস, জয়ন্ত মল্ল বৰুৱাৰ পৰিদৰ্শন
অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে আন্তঃৰাজ্যিক দুষ্কৃতিকাৰীৰ দ্বাৰা বৃহৎ পৰিমাণে বনভূমি ধ্বংসৰ বাতৰিৰ পিছত বেহালী সংৰক্ষিত বনাঞ্চলৰ ব্যাপক স্থল পৰিদৰ্শন কৰে। জ্যেষ্ঠ বন বিভাগৰ বিষয়া, অসম আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সংৰক্ষিত বনাঞ্চল সুৰক্ষা, ক্ষতিগ্ৰস্ত অঞ্চল পুনৰুদ্ধাৰ আৰু স্থলভাগত বলবৎকৰণ শক্তিশালী কৰাৰ বাবে কেইবাটাও তৎকালীন ব্যৱস্থাৰ ঘোষণা কৰে। অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বেহালী বনাঞ্চলত বৃহৎ পৰিমাণে বন ধ্বংসৰ বাতৰি পোৱাৰ...
আধুনিকতাৰ লগত সংস্কৃতি ৰক্ষা কৰিবলৈ যুৱপ্ৰজন্মক আহ্বান ৰাজ্যপালৰ, দিব্ৰুগড়ত ৰথ যাত্ৰাত অংশগ্ৰহণ
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিব্ৰুগড়ত শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ উপলক্ষে ভক্তসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যপাল আচাৰ্যই কয়, “ৰথ যাত্ৰা হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক মূল্যবোধ, সামাজিক সম্প্ৰীতি আৰু সৰ্বজনীনতাৰ চিৰন্তন প্ৰতীক। ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ এই দৈৱিক যাত্ৰাই মানুহক কৰুণা, নিঃস্বাৰ্থ সেৱা আৰু সমাজৰ...
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগ; আজমেৰত আটক বাংলাদেশী যুৱতী
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ আজমেৰত এইবাৰ জালত পৰিল আন এগৰাকী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দেশত প্ৰৱেশ কৰাৰ অভিযোগত যুৱতীগৰাকীক জিম্মাত লোৱাৰ পিছত ডিটেনশ্যন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজস্থান আৰক্ষীয়ে সদৰি কৰা মতে, আৰক্ষী সঞ্চালকালয়ৰ নিৰ্দেশমৰ্মে জিলাখনত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী আৰু ৰোহিংগীয়া নাগৰিকৰ সন্ধানত বিশেষ অভিযান চলাই থকা হৈছে। সেই অভিযানৰ অংশ হিচাপেই কৃষ্ণগঞ্জ আৰক্ষী আৰু চিআইডিৰ বিশেষ শাখাৰ...